Wednesday, November 11, 2015

ঈশ্বৰৰ ভয় : এটা অতি ভয়ানক ধাৰণা

হিন্দু , ইছলাম, খ্ৰীষ্টধৰ্ম আদি প্ৰায় প্ৰতিটো প্ৰধান ধৰ্মতেই "ঈশ্বৰলৈ ভয়" বা "God Fear" ("ধৰ্মভীৰু" শব্দটো আক্ষৰিক অৰ্থ একে নহ’লেও প্ৰায় সমভাৱাৰ্থক বুলিব পাৰি) -ৰ ধাৰণা এটা আছে, সহজ ভাষাত  -- বেয়া কাম কৰিলে ঈশ্বৰে (মানে হিন্দুৰ কোনো ভগৱানে, ইছলামৰ আল্লাই, খ্ৰীষ্টধৰ্মৰ গ’ড আদিয়ে)  শাস্তি দিব, গতিকে বেয়া কাম কৰিব নালাগে৷ তেৰালৈ থকা এই ভয়ৰ বাবেই মানুহে বেয়া কাম নকৰিব আৰু সমাজখনত শান্তি শৃঙ্খলা বাজি থাকিব৷ আনহাতে এই ভয়ৰ অভাৱত মানুহবোৰে অনৈতিক, অসামাজিক কামবোৰ কৰিবলৈ আৰম্ভ কৰি দিব আৰু সমাজখন বিশৃঙ্খল-অৰাজকে ভৰি পৰিব৷ গভীৰভাৱে ভাৱি চালে দেখা যায় সমাজৰ শান্তি-শৃঙ্খলা বজাই ৰাখিবলৈ উদ্ভাৱন কৰা এই ধাৰণা বা পন্থাটিৰ কিছুমান অসুবিধা আছে৷ ভাৰততে অগণন ধৰ্মভীৰু মানুহ দেখা যায় --- নহ’লেনো বাৰু মন্দিৰ-মদজিতত সদায়েই ইমান ভিৰ থাকেনে? কিন্তু ভাৰতবৰ্ষত ভ্ৰষ্টাচাৰী, অনৈতিক মানুহৰ অভাৱ নাই৷ কিয়?


মানুহ স্বাভাৱিকতে "বিজ্ঞানী" - মানে তথ্য আৰু পৰীক্ষাৰ ভিত্তিতে সকলো সিদ্ধান্ত লয়৷ তেওঁ যেতিয়া আন কোনোবাই বেয়া কাম কৰি সাৰি যোৱা দেখে, সেই তথ্যৰ ভিত্তিত তেওঁও বেয়া কাম কৰিবলৈ সাহস পায়৷ তাৰ পিছত নিজে সেই বেয়া কাম কৰি ৰিস্ক (risk) লয়৷ যেতিয়া নিজৰো একো হোৱা নেদেখে অৰ্থাৎ শাস্তি নাপায়, তেওঁৰ সেই বেয়া কাম কৰিবলৈ দুগুণ সাহস পায়৷ এতিয়া মানহজনে বিভিন্ন ধৰণে ভাবিব পাৰে (আৰু সেইমতে পৰবৰ্তী পদক্ষেপ ল’ব পাৰে) -
(১) তেওঁ "হে পৰম কৃপাময় ঈশ্বৰ, ক্ষমা কৰিবা" বুলি ক্ষমা ভিক্ষা কৰিব পাৰে৷ মন্দিৰ-মদজিতত যোৱা সৰহভাগ মানুহে নিজৰ পাপ খণ্ডন কৰিবলৈ বা ক্ষমা ভিক্ষা কৰিবলৈয়ে যোৱা যেন লাগে৷ গঙ্গাত গা ধুইও বহুতে পাপ খণ্ডন কৰা শুনিছো৷

(২) তেওঁ বেয়া কাম কৰাৰ বাবে একো শাস্তি নোপোৱাৰ বাবে এইদৰেও ভাৱি ল’ব পাৰে যে কামটো কৰাত আচলতে ঈশ্বৰ ক্ৰোধাম্বিত হোৱা নাই অৰ্থাৎ সমৰ্থন দিছে৷ গতিকে আকৌ এই কাম কৰিব পাৰি বুলি তেওঁ ভাবি ল’ব পাৰে৷

(৩) পাপৰ ফল এতিয়া নহ’লেও পিছলৈ পাব বুলি ধৰি ল’ব পাৰে৷ কিন্তু যেতিয়া তেওঁ পাপী, অনৈতিক বহু লোকক ওৰে জীৱন আড়ম্বৰ জীৱন-যাপন কৰা (আৰু নিৰীহ মানুহক বান-পানী, ভূকম্পই নগুৰ-নাকৰি কৰা, বা নিষ্পাপ শিশুৰো কৰ্কট ৰোগ হোৱা) দেখে , সেই ভুল ধাৰণাও হয়তো নাইকিয়া হয় আৰু পুৰ্ণোদমে বেয়া কাম কৰিবলৈ লাগি যায়৷

(৪) পাপৰ ফল মৃত্যুৰ পিছৰ 'বিচাৰৰ দিনা' (Judgement Day) হে হ’ব৷ "তেন্তে আৰু ভাল কথা - জীৱিত সময় চোৱাত অন্যায় কৰি লুণ্ডন কৰি দকা-হকা দি আড়ম্বৰ জীৱন-যাপন কৰি লোৱা যাওক৷ মৃত্যুৰ পিছত দেখা যাব৷" আনহাতে যদি মানি লওঁ ঈশ্বৰৰ অস্তিত্ব আছে আৰু তেৰাই প্ৰয়োজন হ’লে শাস্তি দিয়ে, মই যদি পাপেই নকৰো মই তেৰাক ভয় কৰাৰ প্ৰশ্নই নুঠে৷ চোৰেহে পুলিছলৈ ভয় কৰে৷  মই অজাতিতে কৰা ভুলৰ বাবে যদি মোক শাস্তি দিয়া হয়, তেন্তে ই দুৰ্ঘোৰ অন্যায় হ’ব৷

আন এটা কথা এইখিনিতে উদয় হয় - কিবা এটা কাম কৰিলে ঈশ্বৰ ক্ৰোধাম্বিত হ’ব বুলি মানুহজনে উপলদ্ধি কৰিব লাগিব৷ অৰ্থাৎ কোনটো ভাল কাম, কোনটো বেয়া কাম তাক উপলব্ধি কৰিব লাগিব৷ এই উপলদ্ধিৰ পৰাহে ঈশ্বৰলৈ ভয় জাগিব পাৰে৷ কিন্তু এই উপলদ্ধিক যদি কোনোবাই বিকৃত কৰি তোলে, তেওঁ হেলাৰঙে বেয়া কামটোকে ভাল বুলি ভাবি কৰিব যাব পাৰে৷ আজি এই পদ্ধতিয়ে সন্ত্ৰাসবাদীসকলে ব্যৱহাৰ কৰা দেখা গৈছে৷ নিৰ্দোষী মানুহক হেলাৰঙে গুলীয়াই বা বোমাৰে হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰা সন্ত্ৰাসদীসকলে ঈশ্বৰৰ হকে ভাল কাম কৰিছোঁ বুলিয়ে বিভ্ৰান্তিত থাকে৷ এনে নকৰিলে ঈশ্বৰে শাস্তি দিব বুলি ব্ৰেইন-ৱাচ হোৱাসকলেই "ঈশ্বৰৰ ভয়"তে সন্ত্ৰাসবাদী কামবোৰ কৰে৷

গতিকে ঈশ্বৰৰ ভয় অচলতে এটা অতি ভয়ানক ধাৰণা৷

এতিয়া প্ৰশ্ন উঠে - ঈশ্বৰলৈ ভয় নাথাকিলে সমাজত নৈতিকতা কেনেকৈ থাকিব, শান্তি-শৃঙ্খলতা কেনেকৈ থাকিব? বা নাস্তিকতাই সমাজত কেনেকৈ শান্তি-শৃঙ্খলতা কেনেকৈ বজাই ৰাখিব? এই বিষয়ে ইয়াত লিখিলোঁ৷

এইখিনিতে উল্লেখ কৰা ভাল হ’ব - কিছুমান ধৰ্মত "ঈশ্বৰলৈ ভয়" ধাৰণাটো নায়েই৷ বুদ্ধধৰ্মত পৰমেশ্বৰ ধাৰণা নাই, গতিকে ঈশ্বৰৰ ভয়ৰ ধাৰণাটিও নাই৷ বেয়া কামৰ ফল হিচাপে এই সংসাৰৰ পৰা মুক্তি নোপোৱাৰহে "ভয়" দেখুওৱা হয়৷ সর্বেশ্বৰবাদ (Pantheism)ত আকৌ সকলো বাস্তৱিক বস্তু ঈশ্বৰৰে অংশ বুলি ভৱা হয় (সনাতন ধৰ্ম, ছুফিবাদ আদি)৷ "ঈশ্বৰলৈ ভয়" কৰা মানে নিজলৈয়ে ভয় কৰা হ’ল - গতিকে ই এটা নিৰৰ্থক ধাৰণা৷


No comments:

Post a Comment